newsnextone.com। ডিমাকুছিঃ ডিমাকুছি এবছু আৰু স্থানীয় ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত ২৭ ছেপ্তেম্বৰৰ পৰা ডিমাকুছি ষ্টেডিয়ামত আৰম্ভ হ’ব ২৩ সংখ্যক বড়োলেণ্ড গেলান্টচ স্বৰ্ণকাপ ফুটবল চেম্পিয়নশ্বিপ ২০১৮৷
মন্ত্ৰী চন্দন ব্ৰহ্মই উদ্বোধন কৰিবলগীয়া প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া (মুম্বাই),ঝাৰখন্ডৰ ৰাঁচী ডিষ্ট্ৰীক্ট ফুটবল ক’চিং, মনিপুৰৰ ইয়ৰখক ইউনাইটেড এফচি, ছিলং লাৱান স্পৰ্টচ ক্লাব, ত্ৰিপুৰাৰ জাম্পুই জালা প্লে চেন্টাৰ আদি দলৰ লগতে মৰিগাঁৱৰ জালাগুটি এফচি, কোকৰাঝাৰৰ জাৰাগুৰি জিবি এফচি,ওদালগুৰিৰ নিউ মডেল এফচি, খৈৰাবাৰী ৰিজিঅ’নেল স্পৰ্টচ ক্লাব, ডিমাকুছি অৰ্গেং ক্লাৱ আদি ৰাজ্যৰ আগশাৰীৰ দলেও অংশ ল’ব৷