Home ৰাজ্যখাৰুপেটীয়াৰ আজমল কলেজত নৱাগত আদৰণি সভা অনুষ্ঠিত

খাৰুপেটীয়াৰ আজমল কলেজত নৱাগত আদৰণি সভা অনুষ্ঠিত

by News Desk
A+A-
Reset
WhatsApp Image 2018-09-27 at 6

 

newsnextone.com/খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াত অৱস্থিত আজমল কলেজত নবাগত আদৰণী সভাখন কালি অনুষ্ঠিত হৈ যায়৷ কলেজখনৰ অধ্যক্ষ দেলোৱাৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বহু নৱাগত ছাত্ৰ  ছাত্ৰীয়ে  নিজৰ নিজৰ পৰিচয় দাঙি ধৰি বক্তব্য ৰাখে৷ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰ মাজেৰে পৰিচয় দাঙি ধৰে৷ খাৰুপেটীয়াৰ আজমল কলেজত বিদ্যাৰ্থীক উৎসাহিত কৰা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ মানসেৰে সদায় ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়৷ এইবাৰো নৱাগত আদৰণি সভাত দেখা গল বিদ্যাৰ্থীক উৎসাহিত কৰিবলৈ বছৰৰ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে জ্যোতি ডেকাক পুৰস্কৃত কৰে কলেজ কৰ্তৃপক্ষই৷ অনুষ্ঠানটোত নৱাগত ছাত্ৰ হিচাপে পুৰস্কাৰ লাভ কৰে আবু চালেহ ইমৰানে৷ অনুষ্ঠানটোত আজমল কলেজ গৌৰিপুৰৰ অধ্যক্ষ শ্বাইখুল ইছলাম, হাচৰাউবাৰী অধ্যক্ষ আনোৱাৰ হুছেইন, হাটশিঙিমাৰীৰ ছাইফুল ইছলাম, খাৰুপেটীয়া কলেজৰ আৰবী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক মেচেৰ আলী উপস্থিত থাকি ছাত্ৰসকলক নীতিগত আৰু গুনগত শিক্ষাৰ ওপৰত বহলভাৱে বুজাই মুল্যবান বক্তব্য দাঙি ধৰে৷ ইয়াৰ পুৰ্বে নৱাগত আদৰণি সভাৰ আদৰনি ভাষণ আগবঢ়ায় কলেজৰ উপাধ্যক্ষ ৰবিউল ইছলামে৷ দিনৰ ১১ – ৩০ বজাত আৰম্ভ হোৱা অনুষ্ঠানটো আবেলি ৪ বজাত সম্পন্ন হয়৷  আবেলি ৪ – ৩০ বজাৰ পৰা ছাত্ৰ সকলে নিজে পৰিবেশন কৰা গীত-মাত,নৃত্য আৰু নাটক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0