newsnextone.com| নগাঁওঃ চৰকাৰৰ বিভিন্ন আচঁনি সমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে যোৱাকালি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলা আদালতৰ সভাকক্ষত ” সহাঁৰি ” শীৰ্ষক এখনি সজাগতা সভা অনুষ্টিত হয়৷ উক্ত সজাগতা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷
ভাষণ প্ৰসংগত তেওঁ কয় যে- বিভিন্ন সময়ত গাঁৱৰ সহজ-সৰল একাংশ লোকে চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন আচঁনি সমূহ তেঁওলোকৰ অজ্ঞতাৰ বাবে হিতাধীকাৰী সকলে নাপায় বা পুনৰ চৰকাৰৰ ঘৰলৈ উভতি যায়৷ যাৰ ফলত বিভিন্ন সাহায্য, অনুদান আদি লাভ কৰাৰ পৰা বঞ্চিত হয় গঞাৰাইজ৷ উক্ত সহাঁৰি সজাগতা সভা খনত আমন্ত্রিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আচঁনি সমূহৰ সন্দৰ্ভত এক বিস্তৃত ৰূপত আলোকপাত কৰে প্ৰনীতা বৰাই৷