Home ৰাজ্যউন্নয়নৰ ৰাজপথত প্ৰসূতিৰ প্ৰসৱ বেদনা

উন্নয়নৰ ৰাজপথত প্ৰসূতিৰ প্ৰসৱ বেদনা

by News Desk
115 views
A+A-
Reset

newsnextone.com।মাৰ্ঘেৰিটা:এক হৃদয় বিদাৰক ঘটনাই স্পৰ্শ কৰি গল মাৰ্ঘেৰিটা বাসীক ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপিৰ মিত্ৰ চৰকাৰে প্ৰকৃততে মাৰ্ঘেৰিটালৈ কেনেধৰনৰ পৰিৱৰ্তন আনিছে সেয়া এতিয়া আমাৰ দৃশ্যলৈ মন কৰিলেই জল জল পতপত হৈ পৰিব।
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ ৩ নং বৰহোলোং গাৱত আজি সংঘটিত হৈছে এক দুখজনক ঘটনা ৷ জৰাজীৰ্ন পথৰ বাবে ৰাষ্টৰ ওপৰতে পুৱতি নিশা প্ৰসুতিয়ে জন্ম দিলে এটা কেচুৱা ৷পুৱতি নিশা প্ৰায় ৩:৩০ বজাত প্ৰসুতিগৰাকীক চিকিৎসালয়লৈ নি থকা অৱস্থাত এই ঘটনা। পথটোৰে গাড়ী চলাচল কৰিব নোৱাৰাত বহু দুৰ পথ খোজ
কাঢ়ি আহি থাকোতে জৰাজীৰ্ণ পথটোতে সন্তান জন্ম দিব লগীয়া হয় প্ৰসুতি গৰাকীয়ে। পথৰ মুকলি আকাশৰ তলতেই এনেদৰে সন্তান জন্ম দিব লগা হোৱাত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে ৷ পাছত স্থানীয় ৰাইজে আঁৰ কাপোৰ দিয়াৰ লগতে জুই জ্বলাই প্ৰসুতি গৰাকীক সহায় কৰে যদিওঁ ঘটনাটোৱে সচেতন মহলক শংকিত কৰি তুলিছে ৷
বিগত ১৫ বছৰে শাসন চলোৱা কি কংগ্ৰেছ কি বিজেপি কোনো চৰকাৰেই পথছোৱাৰ নিৰ্মানৰ ব্যৱস্থা নকৰাত এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ প্ৰকাশ ৷ উল্লেখ্য যে উক্ত পথটো একালৰ প্ৰতাপী মন্ত্ৰী প্ৰদ্যুত বৰদলৈ আৰু বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টি মাৰ্ঘেৰিটাৰ ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0