newsnextone.com।নগাঁওঃঅসমৰ দৰদী কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ সহোদৰ ভাতৃ তথা “শৰতৰ শেৱালি” খ্যাত সংগীত শিল্পী দীগেন মহন্ত এক বিশেষ ৰোগত আক্ৰান্ত হৈ বৰ্তমান মোম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালত চিকিৎসাধীন হৈ আছে ৷
জানিব পৰা মতে “অৰেল কেভিটি” নামৰ দুৰাৰোগ্য ৰোগ বিধত আক্ৰান্ত হৈ যোৱা ১২ ছেপ্টেম্বৰৰ পৰা মুম্বাইৰ অসম ভৱনত থাকি চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পীগৰাকীৰ এই দুঃসংবাদে জন্মভূমি জাজৰিৰ ৰাইজৰ লগতে নগাঁৱৰ সাংস্কৃতিক মহলকো ম্ৰিয়মান কৰি তুলিছে ৷ নগাঁৱৰ আমোলাপট্টি নাট্যমন্দিৰ,জ্যেষ্ঠ নাগৰিক সন্থা,কল্লোল গোষ্ঠী,অম্লান গোষ্ঠী,কিশলয় সাংস্কৃতিক গোষ্ঠী,নগাঁও লায়ণ্স ক্লাৱ, নগাঁও উকিল সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত মহন্তৰ প্ৰচেষ্টাতে বিগত ২০০৭ খ্ৰীষ্টাব্দৰ ২৯ জুলাইত নগাঁৱৰ সমাজ জীৱনত জন্ম লাভ কৰিছিল “সুৰৰ পানচৈ শিল্পী সমাজ” নামৰ জনপ্ৰিয় সংগীত-সাহিত্য চৰ্চাৰ অনুষ্ঠানটিয়ে ৷