Home ৰাজ্যখাৰুপেটীয়াত জল পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তী দাহ।

খাৰুপেটীয়াত জল পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তী দাহ।

by News Desk
123 views
A+A-
Reset

newsnextone.com।খাৰুপেটীয়াঃ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাটাও নাঁও দূৰ্ঘটনা হোৱাৰ পিছত অসম চৰকাৰৰ জল পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটৱাৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত চলাচল কৰা নাঁও, ভূটভূটি সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ ফলত নৈপৰীয়া যাত্ৰী আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰ তথা জিলা প্ৰসাশন সমূহে দীৰ্ঘদিন ধৰি নিৰৱতা অৱলম্বন কৰি থকা আৰু এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অাজি দিনৰ ১১ বজাত দৰঙৰ খাৰুপেটীয়াৰ কলেজ টাৰ্ণিঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ দৰং জিলা সমিতিয়ে অসম চৰকাৰৰ জল পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তী দাহ কৰি অসম চৰকাৰ হাই হাই, চন্দ্ৰ মোহন পাটোৱাৰী মূৰ্দবাদ, জল পৰিবহন মন্ত্ৰীৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক, নৈপৰীয়া ৰাইজক লৈ ৰাজনিতী বন্ধ কৰক আদি শ্লগানেৰে ৰাজপথ উত্তল কৰি তোলাৰ লগতে ভূটভূটি নাঁও সমূহ পুণৰ চলাচলৰ ব্যৱস্থা কৰা, লাইফ জেকেটৰ ব্যৱস্থা কৰা, নাঁও সমূহৰ বহন ক্ষমতাতকৈ অধিক সংখ্যক মানুহ কঢ়িওৱা বন্ধ কৰা, নাঁৱৰ পৰিবৰ্তে ফেৰীৰ ব্যৱস্থা কৰা, পাৰ- ঘাট সমূহৰ আধুনিকৰণৰ ব্যৱস্থা কৰা আৰু দুৰত্ব আনুসৰি উপযুক্ত ভাড়া নিৰ্ধাৰণ কৰা আদি দাবী উত্থাপন কৰে আমছুৱে। উক্ত কাৰ্যসুচীত আমছুৰ কেন্দ্ৰীয় সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, দৰং জিলা সমিতৰ সভাপতি আলেপ উদ্দিন, সম্পাদকদ্বয় নাজিৰ উদ্দিন আহমেদ আৰু মাহবুবুল আলমৰ লগতে শতাধিক আমছুৰ কৰ্মী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0