newsnextone.com| নগাঁওঃ নগাঁও জিলা শিক্ষা সংমণ্ডলৰ অধীনস্থ ডুমডুমীয়া-বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ডি এল এডৰ পৰীক্ষা কেন্দ্ৰত ব্যাপক হাৰত নকলৰ পয়োভৰ ঘটাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ মতে, কালিৰে পৰা কেন্দ্ৰটোত অনুষ্ঠিত হোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অবাধে সম্পূৰ্ণ মুকলিভাবেই অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাৰ পৰিবেশ একেবাৰে কলুষিত কৰি পেলাইছে৷
উল্লেখ্য, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহনেৰে বিভাগটোৰ আমোল পৰিবৰ্তন সাধন কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এচাম শিক্ষকৰ লগতে বিভাগটোৰ অসাধু বিষয়া-কৰ্মচাৰীয়ে গোপন বুজাবুজিৰে ডুমডুমীয়াৰ দৰে এটা স্পৰ্শকাতৰ অঞ্চলত ডি এল এডৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰি এনেদৰে নকলৰ পয়োভয়েৰে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো ভেকো ভাঁওনাত পৰিণত কৰি তোলাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷