newsnextone.com। লিডুঃ অৰুণাচল,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰমিত প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেওবাৰে লিডু কলেজ তিনিআলিৰ পৰা বজাৰস্থিত পেট্ৰ’ল পাম্পৰ লৈকে প্ৰায় ১ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথেৰে এক জোঁৰ সমদল বাহিৰ কৰে৷
বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাবে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই ৷ সংগঠনটোৰ মাঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জলন্ত অগ্নিশিখা প্ৰতিবা দ সাব্যস্ত কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী কৰে৷