Home ৰাজ্যচাৰিদুৱাৰ আছুৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

চাৰিদুৱাৰ আছুৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

by News Desk
104 views
A+A-
Reset

newsnextone.com| তেজপুৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰক্তদাতা আৰু অনন্ত মে’মৰিয়েল হস্পিতালৰ যৌথ উদ্যোগত আজি অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ ৪ নং বগীজুলী প্ৰাথমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। পুৱা ১০:০০ বজাৰপৰা অনুষ্ঠিত শিবিৰটোত অঞ্চলটোৰ কেইবাখনো গাঁৱৰপৰা অহা তিনি শতাধিক ৰাইজক ডা০ ভাষ্কৰজ্যোতি কাকতি, ডা০ প্ৰহ্লাদ দাস, ডা০ জয়ন্ত কুমাৰ নাথ আৰু অংকুৰ জে দাসে স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰন কৰে। 

লগতে অনুষ্ঠানটোত সদৌ শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া প্ৰাক্তন আছু নেতা অংকুৰ দাস ৰক্তদাতাৰ সম্পাদক সমাজসেৱক পৱন কুমাৰ নাথৰ লগতে চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মানস প্ৰতিম দাস, আৰু যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে জোতিষ্মান চক্ৰৱৰ্তী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে আজি অনুষ্ঠিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত NSS তেজপুৰ বিশ্ববদ্যালয়ে বিনামূলীয়াকৈ ঔষধ যোগান ধৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0