Home অন্যান্য খবৰৰাজ্যৰ খোৱাপানীত বৰবিহ

ৰাজ্যৰ খোৱাপানীত বৰবিহ

by News Desk
69 views
A+A-
Reset

newsnextoneগুৱাহাটীঃ ৰাজ্যখনৰ ২৪খন জিলাৰ খোৱাপানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ১৩খন জিলাৰ পানীৰ নমুনাত ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে৷
এই কথা আজি অসম বিধান সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এক প্ৰশ্নৰ উত্তৰত সদৰি কৰে৷
মন্ত্ৰী গৰাকীয়ে আৰু জনায় যে ৰাজ্যখনৰ ২৪খন জিলাৰ ৬৮৮১টা অঞ্চলৰ খোৱাপানীত আৰ্ছেনিক পোৱা গৈছে আনহাতে ১৩খন জিলাৰ ৯৩০টা অঞ্চলৰ খোৱাপানীত ফ্ল’ৰাইড পোৱা গৈছে৷


এই আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ দ্বাৰা আক্ৰান্ত অঞ্চল সমূহত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ২২৭ আৰু ৪০খন ভিন্ন ভিন্ন আচনি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে৷
কেন্দ্ৰীয় চৰকাৰেও এই অঞ্চল সমুহত আৰ্চেনিক মুক্ত খোৱাপানী যোগান ধৰিবলৈ ২২৭খন আচনি মঞ্জুৰ কৰিছে যদিও উপযুক্ত ভূমিৰ আৱন্তনত পলম হোৱাৰ বাবে এই আচনি সমুহ সময়মতে ৰূপায়ন কৰিব পৰা হোৱা নাই৷মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিধায়ক সকলক এই আৰ্চেনিক ফ্ল’ৰাইড আক্ৰান্ত অঞ্চল সমুহত উক্ত আচনি সমুহৰ বাবে উপযুক্ত ভূমিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0