Home ৰাজ্যনলবাৰীৰ সাগৰকুছিৰ যুৱকৰ অৰুণাচলত ৰহস্যজনক মৃত্যু

নলবাৰীৰ সাগৰকুছিৰ যুৱকৰ অৰুণাচলত ৰহস্যজনক মৃত্যু

by News Desk
58 views
A+A-
Reset

newsnextoneনলবাৰী ৬অক্টোৱৰঃ নলবাৰী জিলাৰ  উত্তৰ দিশৰ সাগৰকুছিত সৃষ্টি  হৈছে এই উত্তেজনাময় পৰিস্থিতিৰ। নলবাৰীৰ পৰা কৰ্মসূত্ৰে অৰুনাচললৈ যোৱা এজন যুবকৰ অৰুনাচলত হোৱা ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছ অঞ্চলতোত। প্ৰাপ্ত তথ্যমতে সাগৰকুছিৰ শৰৎ কলিতাৰ পুত্ৰ ৰাজীব কলিতাই বিগত এঘাৰ বছৰে কৰ্মৰত আছিল অৰুণাচলত।  সাগৰকুছিৰে ব্যবসায়ী সোণেশ্বৰ কলিতাৰ অৰুণাচলস্থিত দোকানৰ কৰ্মচাৰী আছিল ৰাজীৱ । পিছে কৰ্মসংস্থাপনৰ তাগিদাত অৰুণাচললৈ যোৱা ৰাজীবৰ হঠাৎ মৃত্যু হ’ল অৰুনাচলত৷ দুৰ্ভগীয়া ৰাজীৱ ঘৰলৈ উভতি আহিল মৃতদেহ হৈ। 

ৰাজীবৰ পৰিয়ালক কোৱা হল ৰাজীবে আত্মহত্যা কৰা বুলি। কিন্তু আজি মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে হাহাকাৰ লাগিল।কাৰন পৰিয়ালৰ লোকে  ৰাজীবৰ মৃতদেহত দেখিবলৈ পালে কিছুমান ৰহস্য জনক ক্ষত চিহ্ন। মৃতদেহত আঘাতৰ চিহ্ন দেখি পৰিয়ালে অভিযোগ কৰিলে এয়া হত্যাকাণ্ড বুলি। লগে লগেই সৃষ্টি হল উত্তেজনাৰ আৰু অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাৰ তদন্ত বিছাৰিছে স্থানীয় ৰাইজে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0