newsnextoneঢেকিয়াজুলি ৬অক্টোবৰঃ বিগত তিনি বছৰে তেজপুৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা ওদালগুৰি জিলাৰ জব্বৰ আলিৰ ডিটেনশ্বন কেম্পত হোৱা মৃত্যুৰ প্ৰতিবাদত আজি ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই।
শ শ সদস্যৰ উপস্থিতিত মুছলিম ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰে।প্ৰতিবাদ কাৰীসকলে সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, সীমান্ত আৰক্ষী বিভাগ সূচীয়াৰ,ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰা ইত্যাদি শ্লোগান দিয়ে।