newsnextoneনগাঁও ৬অক্টোৱৰঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত তথা গ্ৰামবিকাশ পৰিষদৰ সহযোগত বয়োজ্যেষ্ঠ দিৱসটি আজি জিলাখনৰ ৰাঙলুস্থিত গ্ৰামবিকাশ পৰিষদৰ বিদ্ধাশ্ৰমত অনুষ্ঠিত কৰা হয় ৷
উক্ত অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ নাগৰিক তথা তেজপুৰ নগৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুকুল শইকীয়া আৰু জলসিঞ্চন বিভাগৰ অৱসৰ প্ৰাপ্ত মূখ্য অভিযন্তা ললিত দত্তক সম্বৰ্দ্ধনা জনোৱা হয় লগতে বিদ্ধাশ্ৰম খনৰ জ্যেষ্ঠ নাগৰিক সকলকো সম্বদ্ধনা জনোৱা হয় ৷ নগাঁও জিলা ন্যায় সেৱা প্ৰধিকাৰীৰ সম্পাদিকা প্ৰনতী মৰাঙে সম্বদ্ধনা জনোৱা সভাত আৱাসী সকলে অভিভুত হৈ চকুলো টুকি তেখেতসকলৰ জীৱনৰ অনান্য অনুভৱ ব্যক্ত কৰে ৷