newsnextoneকাৰ্বিআংলং ৭অক্টোৱৰঃ বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিয়ে বোকাজানত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে ৷ বোকাজান বিলাতী মাটি নিগমৰ আৱাসিক নামঘৰত অহা ১ আৰু ২ কাতি (ইং ১৯ অাৰু ২০ অক্টোবৰ)ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ অায়োজন কৰিছে।
গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠানৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে৷