newsnextone১১অক্টোবৰ,নলবাৰীঃ ৰাজ্যৰ চাৰিওপিনে আজি কিছুদিনৰ পৰা গড়কাপ্তানি বিভাগৰ চৰম হেমাহিৰ ফলত প্ৰায়েই দুৰ্ঘটনা সমূহ সংঘটিত হৈ বহুলোকৰ প্ৰানহানি হোৱাৰ পিছতো সাৰ পোৱা নাই এই বিভাগটোৱে৷ পৰিৱৰ্তনকামী চৰকাৰখনত এজনৰ পিছত আন এজন মন্ত্ৰী আহিল আৰু গ’ল যদিও কোনোধৰনৰ পৰিৱৰ্তন অহা দেখা পোৱা নগল৷ বিভাগীয় কাৰ্যলয় সমূহত তথা কৰ্তব্যৰত ভাৱে নিযুক্তি হৈ থকা লোকসকলৰো কাম-কাজত কোনো পৰিবৰ্তন দেখাপোৱা নগ’ল৷ নলবাৰী আৰু গুৱাহাটীৰ মাজত একমাত্ৰ কম সময়ত ঢুকি পোৱা পথটোৱেই হ’ল নলবাৰী-হাজো পথ৷ কিন্ত এই পথটো এতিয়া হৈ পৰিছে কিলাৰ পথ৷ ঠেক পথ হোৱাৰ উপৰিও প্ৰায়ভাগ চ’ক সমূহৰ দোকানৰ পাৰ্কিং তথা টেম্পো, ট্ৰেভেলাৰ গাড়ী সমূহৰ অস্থায়ী আস্থান নোহোৱা হেতুকে বহু যাত্ৰীয়ে বিভিন্ন ধৰনৰ অসুবিধা তথা সমস্যাৰ সম্মুখীন হোৱা অভিযোগ আজি বহু দিনৰ যদিও কান সাৰ নাই গড়কাপ্তানি বিভাগটোৰ লগতে স্থানীয় প্ৰশাসনৰ ৷
উল্লেখযোগ্য যে বাহঁজানীৰ নলবাৰী- হাজো এই পথছোৱাৰ মুগকুছি-এলেঙ্গীদল নামৰ এই ঠাইখিনিত পথটোৰ কাষবোৰ খহি যোৱা আৰু মাজে মাজে প্ৰকাণ্ড গাত সৃষ্টি হোৱাৰ ফলত বাইক আৰু চাইকেল আৰোহী সকলৰ দুই এটা দুৰ্ঘটনা সংগঠিত হৈ আহিছে৷ অকল যে বাইক, চাইকেল আৰোহী সকলৰ বাবে যে এই পথছোৱা বিপদজনক এনে নহয়,চাৰিচকীয়া বাহনসমূহৰ বাবেও বিপদজনক হৈ পৰিছে এই পথছোৱা৷