Home ৰাজ্যপৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

by News Desk
64 views
A+A-
Reset

www.newsnextone.com।কাজিৰঙা : ২০১৮-১৯ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বসতিস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অৱশ্যে, আজি হাতী চাফাৰীৰ অবিহনে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি কৰা হ’ল পৰ্যটকৰ বাবে ।
আজি পুৱা ৮ বজাত কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ জয়ন্ত মল্ল বৰুৱা, উপাধ্যক্ষ নৱদ্বীপ কলিতা, বিধায়ক ৰণোজ পেগু, ৰাজ্যখনৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এচ কে শ্ৰীবাস্তৱ, এ আই ডি চিৰ উপাধ্যক্ষ জিতু তালুকদাৰ, দেশ – বিদেশৰ পৰ্যটক তথা স্থানীয ৰাইজ আদিৰ উপস্থিতিত মিহিমুখৰ মূল প্ৰৱেশদ্বাৰৰ ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। তিনিওগৰাকী কেবিনেট মন্ত্ৰীয়ে একেখন কেচিৰে ফিটা কটাৰ লগতে নাৰিকল ভাঙে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। ইয়াৰ পাছতে দেশী বিদেশী পৰ্যটকৰে মুখৰিত হৈ পৰে ৰাষ্ট্ৰীয় উদ্যানখন৷ আজিৰ উদ্যান মুকলি অনুষ্ঠানত মিহিমুখত বন কৰ্মী গীতাঞ্জলি কলিতাই আত ধৰা অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ কৰ্মীৰ দ্বাৰা সমবেত সংগীত, কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মৃদুস্মিতা গগৈৰ কাজিৰঙা শীৰ্ষক আৰু আস্থা হাজৰিকাৰ গীতে সকলোকে আকৰ্ষিত কৰে ।
ইয়াৰ পূৰ্বে পুৱাৰেপৰা মিহিমুখৰ বাকৰিত ভিৰ কৰিছিল দেশী বিদেশী পৰ্যটকৰ লগতে স্থানীয় ৰাইজে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, বিধায়ক ৰণোজ পেগুৰ লগতে উচ্চ প্ৰদস্থ বনবিষয়াক ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গামোচা আৰু টুপীৰে সম্ভাষণ জনায়।
আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিয়েই বনমন্ত্ৰী গৰাকীয়ে উদ্যানখনৰ আন্তঃগাঁথনি নতুন ৰূপত গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে। হাতী চাফাৰী মুকলি নোহোৱাৰ প্ৰসংগত পৰ্যটন পথৰ দূৰৱস্থাই অন্যতম বুলি উল্লেখ কৰে বনমন্ত্ৰী গৰাকীয়ে। স্থানীয় ৰাইজক লগত লৈ কাজিৰঙাক সকলো দিশতে সুৰক্ষিত কৰা হ’ব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ই । আনহাতে, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই বৰ্তমান চৰকাৰৰ দিনত গঁড় হত্যাৰ ঘটনা পূৰ্বতকৈ যথেষ্ট হ্ৰাস পোৱা বুলি উল্লেখ কৰাৰ লগতে অস্থায়ী বনকৰ্মীৰ চাকৰি নিয়মীয়া কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ গৰাখহনীয়া ৰোধৰ বাবে ১০০ কোটি টকীয়া আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰি এই আঁচনি চলিত মাহৰ ২৪ তাৰিখৰ পৰা ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইপিনে , কাজিৰঙা মুকলি হোৱাৰ দিনা উপস্থিত থাকি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বহুকেইজন পৰ্যটক অভিভূত পৰে ৷ গঁড় হত্যাৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি ইংলেণ্ডৰ পৰ্যটক কেইজনে চোৰাং চিকাৰীক হত্যা কৰি বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনায়। আজি কাজিৰঙাৰ কহঁৰাৰ লগতে বাগৰি বনাঞ্চলো পৰ্যটকৰ ভ্ৰমণৰ কাৰনে মুকলি কৰা হয় । বন মন্ত্ৰীয়ে নিজে জীপছী গাড়ী চলাই আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চলৰ ডুঙা বিলত নৌকা বিহাৰ কৰে । অন্যহাতে উদ্যান মুকলি কৰাৰ পিছত কাজিৰঙা জীপ ছাফাৰী সন্থাই আয়োজন কৰা এক ৰাজহুৱা সভাত বন মন্ত্ৰী, কৃষি মন্ত্ৰী , জয়ন্ত মল্ল বৰুৱা আদিয়ে অংশ গ্ৰহণ কৰি চৰকাৰে গড়ঁ সংৰক্ষণ আৰু পৰ্যটন ব্যৱসায় সম্পৰ্কে লোৱা বিভিন্ন আঁচনিৰ কথা ব্যক্ত কৰে । ইফালে আজি কহঁৰাৰ মিহিমুখত হাতীৰ আক্ৰমণত মৃত্যু হোৱা বনকৰ্মী গণেশ নেৱাৰৰ পুত্ৰ বিজিত নেৱাৰক ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ তৰফৰ পৰা দিযা এক লাখ টকাৰ চেক প্ৰদান কৰে বন মন্ত্ৰীয়ে । কাজিৰঙাত পৰ্যটকৰ সুবিধাৰ্থে হেলিপেড নিৰ্মাণ কৰা হব আৰু ইতিমধ্যে হেলিপেডৰ বাবে প্ৰযোজনীয় মাটি নিৰ্বাচন কৰা হৈছে বুলি বনমন্ত্ৰীয়ে জানিব দিয়ে । উল্লেখ্য বৰ্তমান ৰাষ্ট্ৰীয উদ্যানখনৰ কহঁৰা বনাঞ্চলত আঠ কিলোমিটাৰ আৰু বাগৰি বনাঞ্চলত সাত কিলোমিটাৰ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । বতৰ ভাল হলে পৰৱৰ্তী পৰ্য্যায়ত বাট পথ মেৰামতি কৰি পৰ্যটকক অধিক দূৰত্ব ভ্ৰমণ কৰাৰ সুবিধা কৰি দিয়া হব বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিব দিয়ে । পলমকৈ হোৱা বানপানীৰ কাৰণে হাতী ছাফাৰী কৰিব লগা স্থান বোকাময় হৈ থকাত পহিলা নবেম্বৰৰ পৰাহে কাজিৰঙাত হাতী ছাফাৰী মুকলি কৰাৰ সম্ভাৱনা আছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ ।আজি উদ্যান মুকলিৰ প্ৰথম দিনা দেশীয় পৰ্যটকৰ লগতে ইংলেণ্ড, নেদাৰলেণ্ড, জাৰ্মান আদি দেশৰ পৰ্যটকে উদ্যান ভ্ৰমন কৰি উৎফুল্লিত হৈ পৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0