www.newsnextone.com| নগাঁওঃ অসমৰ সংগীত জগতৰ উজ্বল তাৰকা তথা সংগীত ৰত্ন প্ৰয়াত খগেন মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তই শনিবাৰে বিয়লিৰ ভাগত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত উপস্থিত হৈ কীৰ্তন ঘৰত গুৰু আসনৰ সন্মুখত আঠু লৈ সেৱা গ্ৰহন কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে পাপনক গুৰু জনাৰ সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰু পুৰুষে শকতি দিয়ক বুলি আশীষ নিৰ্মালি দিয়ে।
বটদ্ৰৱা থানৰ প্ৰাচীন কীৰ্তি চিহ্ন, পদশিলা, শিলিখাবৃক্ষ, টেম্বুৱানীজানৰ সংৰক্ষিত অংশ বিশেষ, আকাশী গংগাৰ তীৰৰ মনোৰম প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য ৰাজি উপভোগ কৰি আপ্লুত হোৱা পাপনে কয় যে জাতীয় ঐতিহ্যৰ শিপা বিচাৰি মই বটদ্ৰৱা লৈ আহিছো। বটদ্ৰৱা লৈ আহিবলৈ গুৰুৰ কৃপাদৃষ্টি লাগিব বুলি নিজৰ মন্তব্যত পাপনে উল্লেখ কৰে।