নগাঁৱত ব্যাপক ওলহ-মালহেৰে কাতি বিহু পালন।আকাশ বন্তিৰে উজ্বলিল খেতি-পথাৰ

Home ৰাজ্যনগাঁৱত ব্যাপক ওলহ-মালহেৰে কাতি বিহু পালন।আকাশ বন্তিৰে উজ্বলিল খেতি-পথাৰ

নগাঁৱত ব্যাপক ওলহ-মালহেৰে কাতি বিহু পালন।আকাশ বন্তিৰে উজ্বলিল খেতি-পথাৰ

by News Desk
74 views
A+A-
Reset

ডিজিটেল ডেক্স,নগাঁওঃ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত। তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা ৷ তাতে আকৌ সোণত সোৱগা চৰাইছে শাৰদীয় উৎসৱ দূৰ্গা পূজাৰ জাকজমকতাই ৷ পৰিণতিত চৌদিশে কেৱল দেখা গৈছে অপাৰ আনন্দ-উল্লাসৰ ঢল ৷ গতিকে একে এক প্ৰাণোজ্জ্বল পৰিবেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰোআপোন খেতি-পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰিলে কাতি বিহু ৷ তদনুযায়ী আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতি-পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে আকাশ বন্তি জ্বলায় ৷ উল্লেখ্য,বিগত বৰ্ষত প্ৰতিকূল বতৰৰ বাবেই ধানখেতি সুকলমে কৰিব নোৱাৰা অধিকাংশ নগঞা কৃষকে পৰম্পৰাগতভাবে কাতি বিহু পালন কৰিব পৰা নাছিল ৷ কিন্তু এইবেলি তেনে বেদনাদায়ক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাত নগঞা ৰাইজে সুকলমে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে কাতি বিহু পালনোকৰা দেখা যায় ৷ জিলাখনৰ সকলো গ্ৰামাঞ্চলতে পূৰ্ব পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পুতি আৰু জাকে জাকে যুৱক-যুৱতী আৰু মহিলাৰ দল পথাৰলৈ গৈ হাঁহি-ধেমালীৰ মাজেৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিডৰালৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰে ৷ তদুপৰি বয়োজ্যেষ্ঠসকলে সেউজীয়া ধাননি পথাৰৰ মাজে মাজে মাহ-শৰাই,চাকি-বন্তি দিয়াৰ বিপৰীতে আকাশ বন্তি লগাই অনাগত দিনবোৰ ধনে-ধানে ভৰি পৰাৰ লগতে সুখ-শানঁতি বিৰাজমান হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় ৷ আনকি কণ কণ শিশুসকলেও সন্ধিয়া তুলসীৰ তলে তলে নাম লগাই আআন্দ-স্ফূৰ্তিত মতলীয়া হৈ পৰা দৃশ্যই এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0