79
ডিজিটেল ডেক্স,জাজৰিঃ নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰে নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন ডেকাই। ইয়াৰ পিছতে তুলসী ৰোপন আৰু তুলসীৰ তলত চাকি জ্বলায় বিশিষ্ট সমাজকৰ্মী মিহিৰাম ভূঞাই।