নলবাৰীৰ শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত ৰঙালাউ বিক্ৰীৰ শুভাৰাম্ভনি

Home ৰাজ্যনলবাৰীৰ শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত ৰঙালাউ বিক্ৰীৰ শুভাৰাম্ভনি

নলবাৰীৰ শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত ৰঙালাউ বিক্ৰীৰ শুভাৰাম্ভনি

by News Desk
60 views
A+A-
Reset

নলবাৰীঃ নলবাৰীৰ পাগলদিয়াপাৰৰ উৰ্ব্বৰা পলসুৱা ভূমিত প্ৰায় ৫০০বিঘা মাটি সামৰি গঢ়লৈ উঠা শংকৰদেৱ জৈৱিক কূষি ফাৰ্মত অাজি ৰঙালাউ বিক্ৰীৰ শুভাৰাম্ভনি কৰা হয় ।
স্হানীয় ছয় জন শিক্ষিত নিৱনুৱা যুৱকৰ প্ৰচেষ্টাত যোৱা বছৰৰ দৰে এই বছৰো প্ৰায় ৩০০ বিঘা মাটিত  অৰ্জুনা নামৰ উন্নত প্ৰজাতিৰ ৰঙালাউ খেতি কৰি বিক্ৰীৰ বাবে অাজি শুভাৰাম্ভনী কৰে  নলবাৰী জিলা উন্নয়ন অায়ুক্ত নাদিৰা জেছমিনে ।
অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নলবাৰী জিলা কৃষি বিষয়া প্ৰনৱ শইকীয়া, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, মহকুমা কূষি তথ্য বিষয়া হেমন্ত কলিতা, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ মৃদুল ডেকা, কৃষি বিজ্ঞানী হোমেশ্বৰ মজুমদাৰ, নলবাৰী ইউনাইটেড বেংকৰ প্ৰৱন্ধক অৰূপ কুমাৰ ফুকন, নলবাৰী জিলা পশু চিকিৎসা বিষয়া অশ্বিনী কলিতা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, যুৱ নেতা পৰাগ চক্ৰৱৰ্তী, অঞ্জন তালুকদাৰ প্ৰমুখ্যে ভালে কেইজন লোক উপস্হিত থাকে । উল্লেখযোগ্য যে বিগত বছৰ সমূহত ৰঙালাউ বিক্ৰী কৰি শংকৰ দেৱ জৈৱিক কূষি ফাৰ্মে প্ৰায় ২০লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল অাৰু এই বছৰো ২৫-৩০লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি যুৱক কেইজন অাশাবাদী ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0