Home ৰাজ্যঅখিলৰ গৃহ গাঁও লুখুৰাখনত কৃষক মুক্তিয়ে অৱৰোধ কৰিলে ৰে’ল

অখিলৰ গৃহ গাঁও লুখুৰাখনত কৃষক মুক্তিয়ে অৱৰোধ কৰিলে ৰে’ল

by News Desk
64 views
A+A-
Reset

মৰিয়নীঃ​ মঙলবাৰে পুৱা এখন নৈশ বাছ গুৱাহাটীৰপৰা আহি যোৰহাটত প্ৰৱেশ কৰাৰ সময়তে দুষ্কৃতিকাৰিয়ে বাছখনলৈ শিলগুটি নিক্ষেপ কৰে৷ এই ঘটনাত বাছখনৰ ক্ষতি সাধন হোৱাৰ লগতে এজন লোকো আহত হয়৷ বন্ধৰ সময়ছোৱাত যোৰহাট নগৰৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকে৷ আনহাতে দুপৰীয়া ভোগদৈ আৰক্ষী থানাৰ নিচেই কাষতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে৷ তিতাবৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হয়। চহৰখনত সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে স্তব্ধ হয় তিতাবৰৰ জনজীৱনৰ। কেইবাজনো বন্ধ সমৰ্থনকাৰীক আৰক্ষীয়ে আটক কৰে। তিতাবৰ ধলাজানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩০ জন প্ৰতিবাদকাৰিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷মৰিয়নীতো বন্ধৰ প্ৰভাৱ পৰা দেখা যায়৷ নগৰৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকে। অখিল গগৈৰ গৃহ গাঁও চেলেংহাট লুখুৰাখনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৰে’লপথ অৱৰোধ কৰে। যোৰহাট টাউনৰপৰা মৰিয়নী হৈ তিনিচুকীয়ালৈ যোৱা যাত্ৰীবাহী ৰে’লখন কিছু সময় অৱৰোধ কৰি যাবলৈ দিয়ে কৃষক মুক্তিয়ে৷ পাছত চেলেংহাটত পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে’লখন অৱৰোধ কৰে। বন্ধৰ সময়ছোৱাত মৰিয়নীত ১৪ জন প্ৰতিবাদকাৰিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0