Home ৰাজ্যখাৰুপেটীয়াত বন্ধৰ প্ৰভাৱ মিশ্ৰিত

খাৰুপেটীয়াত বন্ধৰ প্ৰভাৱ মিশ্ৰিত

by News Desk
68 views
A+A-
Reset

খাৰুপেটীয়াঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৪৬ টাকৈ সংগঠনে নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আজি আহ্বান জনোৱা বাৰ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল দৰঙত৷ আজি এই বন্ধৰ ফলত লালপুল, বেচিমাৰী, দলগাঁও, কপাটি, খাৰুপেটীয়া, ধুলা ফকিৰপাৰা, কুঁৱৰী পুখুৰী বজাৰ আদিৰ লগতে চৰাঞ্চলতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা পোৱা গল। সংখ্যালঘু অধ্যুষিত অৰিমাৰী, বাইগৰমাৰী, ২নং মাগুৰমাৰী, শ্যামপুৰ, ৰৌমাৰী আদি চৰাঞ্চলত সৰু সৰু চক বজাৰ সমূহ সম্পুৰ্ণভাৱে বন্ধ থাকে৷ বন্ধত অধিকাংশ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হয়৷ উল্লেখ্য যে এই বন্ধৰ আংশিক প্ৰভাৱ পৰিল দৰঙৰ একমাত্র খাৰুপেটীয়া চাৰিআলিত৷ খাৰুপেটীয়াৰ চাৰিআলিত অধিকাংশ দোকানীয়ে দোকান খুলি আজিৰ বন্ধৰ বিৰোধিতা কৰা দেখা যায়৷ বন্ধৰ সময়ত যান-বাহন বন্ধ থকাৰ বাবে জনজীৱন স্তব্ধ হৈ পৰে যদিও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই৷ উল্লেখ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0