Home ৰাজ্যগজৰাজৰ পথ অৱৰোধ, উৎকণ্ঠাত পৰ্যটক-যাত্ৰী

গজৰাজৰ পথ অৱৰোধ, উৎকণ্ঠাত পৰ্যটক-যাত্ৰী

by News Desk
62 views
A+A-
Reset

তেজপুৰঃ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বালিপৰাৰপৰা অৰুণাচললৈ যোৱা পথছোৱা়ত বন্যহস্তীৰ মুক্ত বিচৰণৰ বাবেই বিপাঙত পৰিছে যাত্ৰীসকল৷ দিনৰ ভাগত প্ৰায়ে একপ্ৰকাৰ পথ অৱৰোধ কৰে বনহস্তীৰ জাকে৷ পথৰ দুয়োমূৰে আৱদ্ধ হৈ পৰে যান-বাহন৷ বাহনৰ সন্মুখত গজৰাজ৷ গাড়ী আগুৱাবও নোৱাৰে, পিছুৱাবও নোৱাৰে৷ এক চৰম উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত কৰিছে পৰ্যটক আৰু ভালুকপুং-বালিপৰা সংযোগী পথেৰে যাত্ৰা কৰা লোকসকলে। কিন্তু গজৰাজে একো অনিষ্ট সাধন নকৰে৷ কিছু সময় পথৰ ওপৰতে গুৰু-গম্ভীৰ খোজেৰে অহা-যোৱা কৰি পুনৰ আঁতৰি যায় অৰণ্যৰ মাজলৈ৷ তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই গন্তব্যস্থানলৈ অগ্ৰসৰ হয় ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থকা লোকসকল৷ অৱশ্যে চৰম উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত হয় যদিও এক শিহৰণকাৰী ৰোমাঞ্চকৰ অভিজ্ঞতাও লাভ কৰে যাত্ৰীসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0