যোৰহাটঃ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যন, সদৌ অসম মটৰ-শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, অল আছাম মটৰ শ্ৰমিক ফেডাৰেশ্যনে কাইলৈ আহ্বান জনাইছে চকা বন্ধৰ৷
মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল’ৰা-ছোৱালীক শিক্ষা সাহায্য দিয়া, মটৰ ভেহিকল আইন, ১৯৮৮ সংশোধন কৰি শ্ৰমিকবিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ২৪ ঘন্টীয়া ৰাজ্যজোৰা ধৰ্মঘট আৰু চকা বন্ধ কাৰ্যসূচী পালন কৰিব৷