108
লালুকঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিহু সন্মিলনৰ চান্দা সংগ্ৰহ কৰিবলৈ অহা কেইজনমান যুৱকৰ সৈতে একাংশ ব্যৱসায়ীৰ মাজত সংঘাতৰ সূত্ৰপাত হয়৷
পৰবৰ্তী সময়ত উক্ত সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰাত চান্দা সংগ্ৰহ কৰিবলৈ অহা যুৱকৰ দলটোৱে পলায়নৰ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি তিনি যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে৷