মিছামাৰীঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ বনৰীয়া হাতী বনাঞ্চলৰ পৰা প্ৰস্থান কৰি খাদ্যৰ সন্ধানত মাজে সময়ে কাষৰিয়া শিঙৰী, বুঢ়া পাহাৰ, নামেৰী, কাজিৰঙা আদি বনাঞ্চল-অভয়াৰণ্য আদিলৈ অহা যোৱা কৰা হাতীৰ দণ্ডি সমূহ বন্ধ হৈ পৰাত অন্যান্য ঠাইৰ জাক জাক হাতীৰ দৰে সোণাই ৰূপাই অভয়াৰণ্যত বাহৰ পাতি থকা শ শ হাতীৰ মহা সংকটৰ দিন চলি আছে।
অভয়াৰণ্যখনৰ দক্ষিণে অৰুণাচলৰ পৰা বৈ অহা গাভৰু নদীৰ পাৰেৰে হাতীৰ জাকসমূহ বিভিন্ন ঠাইলৈ অহা যোৱা কৰাৰ বাবে এটা দণ্ডি আছিল। কিন্তু কিছুদিনৰ আগতে মিছামাৰী সামৰিক ঘাটিৰ বায়ু সেনা বিভাগে উক্ত দণ্ডিটোত পকী বেৰ দিয়াত হাতীৰ জাক বোৰে নিশাৰ ভাগত আহি পথভ্ৰষ্ট হয় আৰু বিভিন্ন ভাগত বিভক্ত হৈ জনাঞ্চল, সামৰিক ঘাটি আদিত বাহৰ পাতিব লগাত পৰে আৰু পেটৰ তাড়নাত মানুহৰ ঘৰ-বাৰী আদিত ঢপলিয়াই ফুৰাৰ উপৰি সামৰিক ঘাটিত প্ৰৱেশ কৰি সেনা জোৱানৰ আৱাস , পকী বেৰ আদি ভাঙি চূৰমাৰ কৰি আহিছে।