ডিফুঃ দাবী মানি নোলোৱা পৰ্যন্ত উত্তাল হৈয়ে থাকিব কাৰ্বি পাহাৰ। এই হুংকাৰ প্ৰদান কৰিছে পাহাৰীয়া জিলাখনৰ ২৪ টাকৈ দল সংগঠনে। যদিহে দাবী মানি নলয় তেন্তে পুনৰ উলংগ প্ৰতিবাদেৰে উত্তাল হৈ পৰিব পাৰে জিলাখন। পুৰুষসকলৰ পিছত এইবাৰ কাৰ্বি আংলঙত উলংগ প্ৰতিবাদত ভাগ ল’ব মহিলায়ো।
পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সংবিধানৰ ২ আৰু ৭ নং অনুচ্ছেদ অনুসৰি আইন আৰু নীতি গ্ৰহণ কৰি পৰিষদীয় ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কৰ্তনৰ দাবীত কৰা উলংগ প্ৰতিবাদলৈ কাৰ্বি আংলং মাতৃসন্থাই পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ পিছতে এয়া নিশ্চিত হৈ পৰিছে।