ডিজিটেল ডেস্কঃ জুলাইৰ পৰা সলনি হ’ব দিল্লী বিশ্ববিদালয়ৰ ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰম। আৰ আগাথা ক্ৰিষ্টি, জে কে ৰাউলিং, লুইছ এম এলকটৰ সৈতে সংযোগ হ’ব চেতন ভগতৰো নাম। লেখকগৰাকীৰ ‘ফাইভ পইণ্ট ছামওৱান’ পঢ়ুওৱা হ’ব দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰমত।
এই অনুযায়ী, জনপ্ৰিয় কাল্পনিক উপন্যাস প্ৰশ্ন কাকতৰ সাধাৰণ বিষয় হিচাপে থাকিব চেতন ভগতৰ উপন্যাসখন। দুবছৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা চইছ ভিত্তিক ক্ৰেডিট ছিষ্টেম(CBCS)ৰ মাধ্যমত এই উপন্যাসখন নিৰ্বাচিত কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ সৈতে থাকিব জে কে ৰাউলিঙৰ ‘হেৰী পটাৰ এণ্ড দ্য ফিল’ছফাৰ্ছ ষ্টোন’।