ডিজিটেল ডেস্কঃ তেঁওৰ বাবে এই দিনটো বিশেষ। দেৱতা সদৃশ মানুহজনৰ জন্মদিন বুলিয়েই এই দিনটো তেওঁৰ বাবে তাৎপৰ্যপূৰ্ণ। গেলাৰীত ভাৰতৰ জাতীয় পতাকাৰ ৰঙেৰে নিজকে সজাই হাতত ত্ৰিৰংগা লৈ তেওঁ নৃত্য কৰিছে, চিৎকাৰ কৰিছে, উৎসাহ যোগাইছে। এই দৃশ্য দেখা গৈছে একাধিকবাৰ। শৰীৰত লিখি লৈছে ‘মিছ ইউ তেণ্ডুলকাৰ’। এতিয়াও তেওঁ তেওঁৰ ঈশ্বৰক তেনেদৰেই মিছ কৰি আহিছে। তেওঁ হৈছে সুধীৰ গৌতম। ক্ৰিকেট মহলত যাৰ নাম প্ৰতিজন সমৰ্থকৰ মুখে মুখে, সেইজনেই শচীন ভক্ত সুধীৰ। আজি শচীন তেণ্ডুলকাৰৰ ৪৪ সংখ্যাক জন্মদিন। সোমবাৰে বিহাৰৰ পৰা মুম্বাইত ভৰি থৈয়েই পোনে পোনে তেওঁ ৰাওনা হয় শচীনৰ কাষলৈ। শচীনৰ জন্মদিনক লৈ হেনো এইবাৰ সুধীৰৰ আছে বিশেষ পৰিকল্পনা।
প্ৰতিবছৰৰ আৰম্ভণিতেই শচীনৰ জন্মদিনটোত দাগ দি ৰাখে সুধীৰে। ব্যতিক্ৰম নহ’ল এইবাৰো। সুধীৰে কৈ গৈছে, ‘’মই দেওবাৰে, ট্ৰেইনেৰে আহিছো। আজি ২৪ এপ্ৰিলৰ পুৱাতেই মুম্বাই পালো। মই শচীনৰ বাবে এটি বুকে সজাই আনিছো। হায়দৰাবাদৰ মোৰ এজন বন্ধুৰ ওচৰত আছিল সেইটো। মোৰ ইমান পছন্দ হ’ল যে সেইটো কাকুতি-মিনতি কৰি লৈ আহিলো। তাৰ সৈতে মই কিছু বস্তু সংযোগ কৰিছো।’’ অলপ ৰৈ আকৌ উৎসাহেৰে তেওঁ কৈ গৈছে, ’’এই বুকেত মই শচীনৰ শৈশৱকালৰ পৰা এতিয়া পৰ্যন্ত ভিন্ন মুহূৰ্তৰ ছবি লগাইছো। এই সকলোবোৰ ছবিয়েই হৈছে শচীনৰ সৈতে মোৰ স্মৃতি। শচীনৰ বাবে কি উপহাৰ আনিম, সেয়া বহুদিন ধৰি ভবাৰ পিছত এইটোৱেই ঠিক হ’ব বুলি মনে ক’লে।’’