মুম্বাইঃ চমকপ্ৰদ আত্মপ্ৰকাশ সত্বেও বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰিলায়েন্স জিঅ’। সদ্য সমাপ্ত বিত্তীয় বৰ্ষৰ অন্তত সংস্থাটোৰ ক্ষতিৰ পৰিমাণ হৈছে ২২.৫লাখ টকা।
শেহতীয়াকৈ বি এছ ই-ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত জিঅ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে, এবছৰত সৰ্বমুঠ ক্ষতিৰ পৰিমাণ হৈছে ৭.৪৬ কোটি টকা। ইয়াৰ ভিতৰত প্ৰথম ৬ মাহত ২.২৫ কোটি টকা লাভ হ’লেও ২০১৭ বৰ্ষৰ ৩১ মাৰ্চত অন্ত পৰা বিত্তীয় বৰ্ষৰ শেষৰ ৬ মাহত প্ৰতিষ্ঠানটোৰ উপাৰ্জন হ্ৰাস পায় হয়গৈ মাত্ৰ ৫৪ লাখ।