ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধায়ক বিৰোধী আন্দোলনে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে কালি তিনিচুকীয়া জিলাৰ চৈখোৱাঘাটত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। ঢলা আৰক্ষী থানাৰ অন্তৰ্গত চৈখোৱাঘাটৰ খেৰবাৰী বিচনীঘাটত পাঁচ-ছয়জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীত থিতাতে প্ৰাণ হেৰুৱাইছিল পাঁচজন বাঙালী লোকে। ইয়াৰ পাছত আজি সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা যায়।
ছ’চিয়েল মিডিয়াৰপৰা আৰম্ভ কৰি বিভিন্ন সামাজিক মাধ্যমত ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাটিক গৰিহণা দিয়ে। ইয়াৰ পাছত চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত শান্তিসভা অনুস্থিত হয়। ওদালগুৰিতো জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাক্ষত অনুষ্ঠিত হয় শান্তি সভা। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত সভাই জিলাখনৰ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান জনায়।