Home ৰাজ্য৭ হাজাৰ টকা উৎকোচ দিয়ক আৰু লৈ যাওক ফটকা বিক্ৰীৰ অনুমতি-পত্ৰ!

৭ হাজাৰ টকা উৎকোচ দিয়ক আৰু লৈ যাওক ফটকা বিক্ৰীৰ অনুমতি-পত্ৰ!

by News Desk
71 views
A+A-
Reset

নগাঁওঃ দেৱালী বা দীপাৱলী হ’ল পোহৰৰ উৎসৱ৷ অসত্যৰ ওপৰত সত্যৰ বিজয়ৰ উৎসৱ। কিন্তু দেৱালীলৈ তিনিদিন বাকী থকাৰ সময়তে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ত দেৱালীৰ ফটকা বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে। 
অভিযোগ মতে, চৰকাৰে অস্থায়ীভাৱে ফটকা বিক্ৰীৰ অনুমতি-পত্ৰৰ বাবে চৰকাৰী মাচুল ৫০০ টকা নিৰ্ধাৰণ কৰিছে যদিও নগাঁও জিলাৰ দণ্ডাধীশ শাখাত দাখিল কৰা আবেদন-পত্ৰসমূহ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰতিবেদনৰ বাবে প্ৰেৰণ কৰাৰ বাবেই দণ্ডাধীশ শাখাত কৰ্মৰত এজন জ্যেষ্ঠ সহায়কে আবেদনকাৰীৰপৰা ৫০০ টকাকৈ উৎকোচ লৈ আছে। 
নগাঁও জিলাৰ খুচুৰা ফটকা বিক্ৰেতাসকলে অভিযোগ কৰা মতে, জ্যেষ্ঠ সহায়কজনে মুকলিভাৱে দাবী কৰে উৎকোচ৷ বৰ্তমান ফটকা বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰতিখন অনুমতি-পত্ৰৰ বাবদ পাঁচ হাজাৰৰপৰা সাত হাজাৰ টকা দাবী কৰিছ আহিছে। কাজেই, আৰক্ষী বিভাগৰ প্ৰতিবেদন, অগ্নি নিৰ্বাপক বাহিনীৰ আপত্তি বিহীন প্ৰমাণ-পত্ৰ, স্থানীয় পৌৰসভাৰ মাছুল আদি নিয়ম মতে আদায় দিয়াৰ পাছতো উপায়ুক্ত কাৰ্যালয়ৰপৰা ফটকা বিক্ৰীৰ অনুমতি লাভ কৰিবৰ বাবে যদি চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মাছুলৰ উপৰিও দুৰ্নীতিগ্ৰস্ত সহায়কজনক পাঁচৰপৰা সাত হাজাৰ টকা উৎকোচ দিব লগা হয় তেনেহ’লে বিক্ৰেটাসকলে খুচুৰা ফটকা বিক্ৰী কৰি কি লাভালাভ কৰিব বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ 
ইফালে, নগাঁও জিলাৰ একাংশ খুচুৰা ফটকা ব্যৱসায়ীয়ে ইতিমধ্যে বিষয়টো নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক অবগত কৰাত বিধায়কজনে উপাযুক্তক অবগত কৰিব বুলি আশ্বাস দিয়ে। 
আনহাতে দুৰ্নীতিপৰায়ন কৰ্মচাৰীজনৰ বিৰুদ্ধে আৰ টি আই তথ্য প্ৰদান, বিভিন্ন প্ৰমান-পত্ৰ আদিৰ বাবে কাৰ্যালয়লৈ যোৱা জনতাৰপৰা দাবী-ধমকিৰেও উৎকোচ আদায় কৰাৰ বহু অভিযোগ আছে বুলি জানিব পৰা গৈছে৷ যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ’ব বুলি দাবী কৰিছে, সেই সময়তে খোদ নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ দাণ্ডাধীশ শাখাত কৰ্মৰত দুৰ্নীতিপৰায়ন কৰ্মচাৰীৰ বিৰুদ্ধে উপায়ুক্ত বিশ্বজিৎ পেগুৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0