ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াত আজি ৰঙিয়া মডেল হাস্পাতালখনৰ শুভ উদ্বোধন কৰে ৰাজ্যিক স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী পিয়ুষ হাজৰিকাই । এক মাঙ্গলিক কাৰ্য্যসূচীৰে ফিটা কাটি মন্ত্ৰী গৰাকীয়ে হাস্পাতালখন শুভ উদ্বোধন কৰাৰ পিচত মডেল হাস্পাতাল চৌহদতে অনুষ্ঠিত হোৱা এখন সভাত অংশ গ্ৰহণ কৰে । সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে তেওৰ ভাষণৰ মাজেৰে অসমৰ স্বাস্থ্য খণ্ডৰ আমুল পৰিবৰ্তনৰ বিষয়ে অৱগত কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে অসম জনসাধাৰণৰ স্বাস্থ্য ব্যৱস্থাটোৰ ওপৰত লক্ষ্য ৰাখি হাস্পাতাল সমূহ উন্নত মানদণ্ড কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ।
