Home ৰাজ্যকাজিৰঙাৰ ধাবাত চোৰাং খাৰুৱা তেলৰ ব্যৱসায়

কাজিৰঙাৰ ধাবাত চোৰাং খাৰুৱা তেলৰ ব্যৱসায়

by News Desk
72 views
A+A-
Reset

কাজিৰঙাঃ নগাওঁ জিলাৰ অন্তৰ্গত কাজিৰঙাৰ বিভিন্ন ধাবাত অব্যাহত আছে চোৰাং তেলৰ ৰমৰমীয়া বেহা। খাৰুৱা তেল চুৰি কৰি বিক্ৰী কৰি থকা অৱস্থাত এখন তেল ভৰ্তি টেংকাৰ জব্দ কৰে বাগৰি আৰক্ষীয়ে। টেংকাৰ জব্দৰ ঘটনা সংবাদ মাধ্যমৰ পৰা গোপনে ৰখাৰ চেষ্টা বাগৰি আৰক্ষীৰ৷ জিলাখনৰ কলিয়াবৰ মহকুমাৰ বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত বাগৰি-হাৰমতী আদি অঞ্চলত বহুদিনৰেপৰা চলি আহিছে চোৰাং তেলৰ অবৈধ বেহা ৷  

উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা বাগৰি আৰক্ষীয়ে অভিযান চলাই ইনতিয়াজ আলি আৰু ইদ্ৰিছ আলি মালিকাধীন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন লাইন ধাবাত এন এল ০১ এল৫২০১ নম্বৰৰ এখন তেলভৰ্তি টেংকাৰৰ পৰা চোৰাংকৈ তেল উলিয়াই থকা অৱস্থাত জব্দ কৰে ৷ উক্ত টেংকাৰখনৰ পৰা খাৰুৱা তেল কঢ়িয়াই আনি বাগৰিত বিক্ৰী কৰি থকাৰ কথা বাগৰি আৰক্ষীয়ে সম্ভেদ পাই গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0