100
ওদালগুৰিঃ ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰঙ্গাবাৰী গাওঁত গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত হৰিশিঙা আৰক্ষী আৰু সেনাই এক অভিযান চলাই দুজন সন্দেহযুক্ত আলফা(স্বা) লিংকমেন আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন লোক দুজন বৰঙ্গাবাৰী গাওঁৰ বলেন ডেকা(৩৫) আৰু ডিম্বেশ্বৰ ডেকা(৩২) বুলি আৰক্ষী সূত্ৰই সদৰী কৰে। দুয়োজন কেডাৰৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১০/১৩ নম্বৰ ধাৰাৰ অধীনত ৪৬/১৮ নম্বৰত এক গোচৰ ৰুজু হয়।