গুৱাহাটীঃ বৰাক উপত্যকাত দুই উগ্ৰপন্থী গণপ্ৰহাৰত নিহত হৈছে। নিহত উগ্ৰপন্থী দুজনক আৰক্ষীয়ে এন এছ চি এন (খাপলাং)ৰ সদস্য বুলি সন্দেহ কৰিছে। শনিবাৰে দিনৰ ১১:১৫ বজাত দুইজন লোকে কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৱৰ্তী জয়পুৰ নামৰ অঞ্চলত গাঁওবাসীৰপৰা পথৰ নিৰ্দেশনা বিচাৰে। তেওঁলোকৰ হাতত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ দেখি গাঁওবাসীৰ সন্দেহ ওপজে। লগে লগে লোক দুজনক গাঁওবাসীয়ে প্ৰহাৰ কৰিবলৈ ধৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ আনে যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। লোকদুজনৰ জিম্মাৰপৰা দুটা এ কে ৫৬ ৰাইফল, এটা চীনত নিৰ্মিত মেচিনগান, ১২ ব’ৰৰ এটা বন্ধুক, চীনত নিৰ্মিত এটা হেণ্ড গ্ৰেণেড আৰু বহু পৰিমাণৰ গুলী উদ্ধাৰ কৰা হৈছে।
105
previous post