গুৰুজনাৰ আদৰ্শ প্ৰচাৰত গুৰুত্ব সাংসদ নৱ কুমাৰ শৰণীয়াৰ

Home ৰাজ্যগুৰুজনাৰ আদৰ্শ প্ৰচাৰত গুৰুত্ব সাংসদ নৱ কুমাৰ শৰণীয়াৰ

গুৰুজনাৰ আদৰ্শ প্ৰচাৰত গুৰুত্ব সাংসদ নৱ কুমাৰ শৰণীয়াৰ

by News Desk
60 views
A+A-
Reset

তামুলপুৰঃ ‘আমি জগত গুৰুৰ আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব দি কাম কৰিব লাগিব। ৫৭০ বছৰ আগতে মহাপুৰুষজনাই অসমীয়াসকলক নাম-ধৰ্মৰ মাজেৰে শিকাই থৈ গৈছিল ঐক্যবদ্ধ হৈ থাকিবলৈ।’ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰ-মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত নিজ ডেফেলী পশ্চিম বৰলীয়াপাৰ প্ৰাথমিক শাখাৰ আতিথ্যত কালিৰেপৰা নিজ ডেফেলী পশ্চিম বৰলীয়া পাৰ প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি আজি কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এইদৰে কয়।
ভাষণ প্ৰসংগত তেওঁ আৰু কয়, গুৰুজনাই আমাক ভাগ ভাগ কৰাৰ মানসিকতা শিকোৱা নাছিল। তেওঁৰ আদৰ্শ আছিল সকলোকে একত্ৰিত কৰি সমাজখন আগবঢ়াই লৈ যোৱাৰ। ধাৰেশ্বৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ মুকলি অধিৱেশনখন মুকলি কৰে শংকৰ সংঘৰ ৰঙিয়া শাখাৰ সভাপতি নগেন চন্দ্ৰ ডেকাই। জনাকীৰ্ণ সভাখনত ৰঙিয়া জিলা প্ৰচাৰ সমিতিৰ সভাপতি গণেশ ৰাভা, শংকৰ সংঘৰ প্ৰাক্তন শৰণ সদস্য বীৰেণ দাস আদিয়েও বক্তব্য প্ৰদান কৰি ৰাইজক আপ্লুত কৰে। আজিৰ ধৰ্মীয় সভাখনত তামুলপুৰ কলেজৰ প্ৰৱক্তা ৰাণী ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কচুগাঁও সমষ্টিৰ এম চি এল এ বনমালী ৰাভা, সমাজ কৰ্মী ডিম্বেশ্বৰ ৰাভা প্ৰমুখ্যে শংকৰ সংঘৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0