গুৱাহাটীঃ লুই বাৰ্জাৰ কেলেংকাৰি সন্দৰ্ভত সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱশেষত শীৰ্ষ তদন্তকাৰী সংস্থা চি বি আয়ে জেৰা কৰে। যোৱা ১ আৰু ২ নৱেম্বৰত নতুন দিল্লীস্থিত চি বি আইৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰীজনক ২২ ঘণ্টা জেৰা কৰা হয়।
কংগ্ৰেছৰ শাসনকালত গুৱাহাটী উন্নয়ণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়ত আমেৰিকান কোম্পানী লুই বাৰ্জাৰৰপৰা তদানীন্তন চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াই বৃহৎ পৰিমাণৰ কমিছন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।