নলবাৰীঃ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা অাৰু অসম সাক্ষৰতা বিকাশ অভিযান অাঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰায় ১ হাজাৰৰ অধিক নিৱনুৱা যুৱক-যুৱতীক সংস্থাপনৰ উদ্দেশ্যে নলবাৰী চহৰৰ অাই এম এ প্ৰেক্ষাগৃহত অাজি এখন নিয়োগ মেলা অনুষ্ঠিত হয়। ‘মাল্টী স্কিল ডেভেলপমেন্ট ফাউণ্ডেচন এণ্ড ট্ৰেইনিং একাডেমী’ৰ সহযোগত অাৰু মোছন NGO, নেটচ, নিলিমা মেম’ৰিয়েল ষ্টাৰ্ছ, সুৰক্ষাৰ সহযোগত অনুষ্ঠিত হোৱা নিয়োগ মেলাখন শুভ উদ্বোধন কৰে অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য বিষয়া অঞ্জু গুপ্তাই। বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে।
অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ গোপীনাথ দাস, জিলা পঞ্জীয়ন বিষয়া হিমাংশু দাস, অসম দক্ষতা বিকাশ অভিযানৰ বিষয়া ডিম্বেশ্বৰ বৰ্মন, মাল্টী স্কিল ডেভলপমেন্টৰ সঞ্চালক দেৱজিৎ মহন্ত, বিকাশ মহন্ত, অভিজিৎ বৰ্মন প্ৰমুক্ষ্যে বহুতো লোক উপস্থিত থাকে।