গুৱাহাটীঃ অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা ৫ আৰু ৯ ডিচেম্বৰত ভোটগ্ৰহণ হ’ব আৰু ফলাফল পোৱা যাব ১২ ডিচেম্বৰত। সোমবাৰে এই ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। আয়োগৰ এই ঘোষণাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ-বিধি বলৱৎ হ’ল।
আয়োগৰ মতে এই নিৰ্বাচনত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১.৫৬ লাখ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ ২৩,৫০৫ টা কেন্দ্ৰৰ জৰিয়তে সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচন আয়ুক্ত এইচ এন বৰাই এখন সংবাদ মেলত কয় যে প্ৰথম পৰ্যায়ত ১৬ খন জিলাক সামৰি লোৱা হ’ব।