ৰাষ্ট্ৰসংঘঃ ৰাষ্ট্ৰসংঘৰ ডাক বিভাগে দীপাৱলী উপলক্ষে দুটা ডাক টিকট জাৰি কৰিছে। এই ডাক টিকট দীপাৱলীত ভাৰতৰ বাবে উপহাৰ হিচাপে বিবেচিত হৈছে।
দুষ্ট শক্তিক আন্ধাৰৰ লগত তুলনা কৰি ‘অপশক্তিৰ বিৰুদ্ধে পোহৰৰ বিজয়’ শীৰ্ষক এই ডাক টিকট দুটাত চাকিৰ ছবি অংকিত কৰা হৈছে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ছৈয়দ আকবৰউদ্দিনে টুইটাৰযোগে কয় যে দীপাৱলীৰ বতৰত ৰাষ্ট্ৰসংঘই ভাৰতীয় সংস্কৃতিক প্ৰতিফলন কৰা ডাক টিকট জাৰি কৰাৰ বাবে ধন্যবাদৰ পাত্ৰ।
আন্তঃৰাষ্ট্ৰীয় এয়াৰ মেইলৰ ন্যূনতম দাম ১.১৫ ডলাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো টিকটৰ মূল্য ১.১৫ ডলাৰ ধাৰ্য কৰা হৈছে।
115
previous post