নতুন দিল্লীঃ ধনাঢ্য পুঁজিপতিৰ কথা আহিলেই আম্বানী ভাতৃদ্বয়ৰ কথা মনলৈ আহে৷ বিশ্বৰ ধনী লোকসকলৰ শীৰ্ষত থকা মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীও দেশৰ পঞ্চাশ ধনাঢ্যৰ ভিতৰত আছে৷ তথাপিও যেন তেওঁৰ টকা নাই!
ন্যায়ালয়ক প্ৰদান কৰা এক শপতনামাত অনিল আম্বানীৰ ৰিলায়েন্স টেলিকম আৰু ৰিলায়েন্স কমিউনিকেচন লিমিটেডৰ নামত থকা বেংক একাউন্টত মাত্ৰ ১৯ কোটি টকাহে আছে৷ আমেৰিকান টাৱাৰ ক’ৰ্পৰেচনে ৰিলায়েন্সৰপৰা পাবলগীয়া কেইবা কোটি টকাৰ বকেয়া নিদিয়াৰ বাবে কোম্পানীটোৱে দিল্লী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু তৰে৷ এই গোচৰৰ শুনানি কালত ৰিলায়েন্সে আদালতক জনোৱা মতে তেওঁলোকৰ মুঠতে ১৪৪ টা বেংক একাউন্ট আছে যদিও সমুদায় একাউন্টৰ জমা ধন মাত্ৰ ১৯ কোটি টকাহে৷