বিলাসীপাৰা পশ্চিম সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল ৰচনা

Home ৰাজনীতিবিলাসীপাৰা পশ্চিম সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল ৰচনা

বিলাসীপাৰা পশ্চিম সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল ৰচনা

by News Desk
91 views
A+A-
Reset

বিলাসীপাৰাঃ বিলাসীপাৰা পশ্চিম সমষ্টি কমিটীৰ উদ্যোগত আজি বিয়লি বিলাসীপাৰা পশ্চিম সমষ্টিত অ গ প বিলাসীপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক কামৰুজ্জামান চাহাবৰ বাসভৱনত আয়োজিত অ গ প কৰ্মী সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে ৰণকৌশলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অ গ পৰ বিলাসীপাৰা পশ্চিম সমষ্টি কমিটীৰ সভাপতি ওমৰ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অ গ পৰ বিলাসীপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক কামৰুজ্জামানে উদ্দেশ্যে ব্যাখ্যা কৰে। 

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অ গ পৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি তথা বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে অ গ পৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ৰছিদ মিঞাৰ লগতে দলীয় নেতা কৰ্মীয়ে উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভাষণ প্ৰদান কৰে। সমষ্টিৰটোৰ প্ৰতিটো পঞ্চায়তত অগপ দলীয় প্ৰাৰ্থিত্ব আগবঢ়াই জোৰদাৰ প্ৰচাৰ চলাই যাবলৈ ৰণকৌশল প্ৰস্তুতকৰণ কৰে। উক্ত সভাত প্ৰতিটো পঞ্চায়তৰ অগপৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আদিৰ লগতে দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0