Home ৰাজ্যবটদ্ৰৱাত ছাত্ৰ সন্থাৰ জোৰ লৈ প্ৰতিবাদী সমদল

বটদ্ৰৱাত ছাত্ৰ সন্থাৰ জোৰ লৈ প্ৰতিবাদী সমদল

by News Desk
61 views
A+A-
Reset

বটদ্ৰৱাঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষনা কৰা প্ৰতিবাদী কাৰ্যসূচী অনুসৰি কালি নগাঁও জিলাৰ বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বটদ্ৰৱাত জোৰ লৈ প্ৰতিবাদী সমদল উলিওৱা হয়৷ 

আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ শ্বহীদ বেদীৰ পৰা বাংলাদেশী হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বালাংদেশী প্ৰীতি ত্যাগ কৰক, জাতি-মাটি-ভেটি ৰক্ষা কৰক আদি শ্ল’গান দি সমগ্ৰ বটদ্ৰৱা এলেকাত সমদল কৰি পুনৰ শ্বহীদ বেদীত সমবেত হৈ কোনো মূল্যৰ বিনিময়ত বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বৃহত্তৰ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ দিয়া নহ’ব বুলি সকিয়নী প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0