Home ৰাজ্যজাগুনত পুনৰ সংঘটিত হয় অপহৰণ কাণ্ড

জাগুনত পুনৰ সংঘটিত হয় অপহৰণ কাণ্ড

by News Desk
57 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে চাঞ্চল্যকৰ অপহৰণৰ ঘটনা৷  বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সুচল যাতায়তৰ কেন্দ্ৰ বিন্দুৰূপে চিহ্নিত জাগুনত যোৱা নিশা এগৰাকী কৰ্মচাৰী পুনৰ অপহৃত হোৱাৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত ৫/৬ জনীয়া এটা দলে জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা তেওঁৰ মহৰি ৰূপে কৰ্মৰত অৱস্থাত থকা ডিগবৈৰ অপূৰ্ব কাকতি নামৰ কৰ্মচাৰীজনক অপহৰণ কৰি নিয়াৰ ঘটনাই এলেকাটোত গভীৰ ৰহস্যৰ সুত্ৰপাত ঘটাইছে৷ 

সাধাৰণ এজন কৰ্মচাৰীক কিহৰ অন্তৰালত অপহৰণ কৰা হ’ল সেইয়া বাতৰি প্ৰেৰণৰ মূৰ্হুৰ্তলৈকে স্পষ্ট নহ’ল যদিও একাংশই এইয়া শিল ভঙা উদ্যোগটোৰ গৰাকী বিজয় বৰাৰ পৰা দাবীকৃত ধন নোপোৱাৰ বাবেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0