Home ৰাজ্যবিৰল প্ৰজাতিৰ দল হৰিণৰ সমীক্ষাৰ ফলাফল ঘোষণা

বিৰল প্ৰজাতিৰ দল হৰিণৰ সমীক্ষাৰ ফলাফল ঘোষণা

by News Desk
75 views
A+A-
Reset

কাজিৰঙাঃ ২৭ নৱেম্বৰৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হােৱা বিৰল প্ৰজাতিৰ দল হৰিণ সমীক্ষাৰ বৃহস্পতিবাৰে ফলাফল ঘােষণা কৰা হয়। ২০১৮ বৰ্ষৰ এই গণনা মতে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৯০৭ টা দল হৰিণ পােৱা যায়। ইয়াৰে মতা দল হৰিণ ২৩৫ টা, ৫০৫ জনী মাইকী আৰু ১৬৭ চেমনীয়া পোৱালি দল হৰিণ পােৱা হয়। ২৭ নৱেম্বৰত কাজিৰঙাৰ শতবর্ষ সমাৰােহ প্ৰেক্ষাগৃহত আয়োজিত দল হৰিণ সমীক্ষাৰ প্ৰশিক্ষণৰ পাছত ২৮ নৱেম্বৰত পুৱাৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা ব্লকত একেসময়তে গণনা কাৰ্য আৰম্ভ কৰা হয়। 

কাজিৰঙাৰ অন্তৰ্গত ২২ টা ব্লক পূৱ অসম বন্যপ্রাণী সংমণ্ডলত আৰু ২ টা ব্লক বিশ্বনাথ বন সংমণ্ডলত এই সমীক্ষা চলােৱা হয়। গণনাৰ শেষত সংগৃহীত তথ্য অনুসৰি পূৱ বনাঞ্চলৰ ৪ নম্বৰ ব্লকত ১৫৬ টা হৰিণ, কেন্দ্রীয় বনাঞ্চল, কহঁৰাৰ ৮ টা ব্লকত ৩৫০ টা হৰিণ, পশ্চিম বনাঞ্চল বাগৰিৰ ৭ টা ব্লকত ৩২৩ টা হৰিণ, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩ টা ব্লকত ২২ টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ ২ টা ব্লকত ৫৬ টা দল হৰিণ পােৱা যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0