কাজিৰঙাঃ অহা ৫ ডিচেম্বৰত হ’ব লগীয়া পঞ্চায়ত নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈছে বােকাখাত মহকুমা প্রশাসন। ইতিমধ্যেই, বােকাখাত মহকুমাত পঞ্চায়ত নির্বাচন সংক্রান্তিয় সকলােবােৰ বিষয় তদাৰক কৰিবৰ বাবে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ সঞ্চালক লীনা দাসক নির্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
আজি পৰ্যবেক্ষক গৰাকীয়ে বােকাখাত মহকুমাৰ কেইবাটাও ভােটগ্রহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে বােকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বােকাখাত মহকুমা প্রশাসনে পঞ্চায়ত নির্বাচনৰ বাবে স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। ইয়াৰ পাছতে পর্যবেক্ষকগৰাকীয়ে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে আলােচনাত মিলিত হয়। আলােচনাত পর্যবেক্ষক গৰাকীয়ে সকলাে ৰাজনৈতিক দলৰ প্রতিনিধিকে নির্বাচনী আচৰন-বিধি মানি চলাৰ লগতে ভোটদান আৰু ভােটগননাৰ সময়ত শান্তি-সম্প্ৰিতি বজাই ৰাখিবলৈ আহ্বান জানায়। ইয়াৰ লগতে আগন্তুক পঞ্চায়ত নির্বাচন নিয়াৰিকৈ পৰিচালনা কৰাত মহকুমা প্রশাসনক সহযােগিতা আগবঢ়াবলৈও সকলাে ৰাজনৈতিক দলকে আহ্বান কৰে।