67
গুৱাহাটীঃ বলিউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাঈফৰ পিছে পিছে দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ইয়াৰ লগে লগে আৰম্ভ হৈছে বিতৰ্ক। চ’ছিয়েল মিডিয়াত তীব্ৰ অসন্তুষ্টি জাহিৰ কৰিছে বহুতে ।
আচলতে “ইণ্ডিয়া টুডে” গ্ৰুপৰ মাইন্ড ৰ’কছ নামৰ অনুষ্ঠানটোৰ প্ৰচাৰৰ বাবে গুৱাহাটীৰ বাটে-ঘাটে লগোৱা পোষ্টাৰখনত দৃষ্টিকটুভাৱে কেটৰিণা কাইফৰ পিছত দেখা গৈছে ৰাজ্য এখনৰ সন্মানীয় তথা সৰ্বোচ্চ ৰাজনৈতিক পদবীত থকা সৰ্বানন্দ সোণোৱালক।