54
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ শশীপুৰত সোমবাৰে পিষ্টলসহ এজন এন ডি এফ বি (সং) সদস্য আটক হোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি হৈছে।
আৰক্ষী সূত্ৰৰপৰা জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি সেনা বাহিনীৰ ৫ জি, আৰ গোৰ্খা ৰেজিমেন্ট আৰু আৰক্ষীয়ে অভিযান চলাই শশীপুৰ গাঁৱৰপৰা হাৰ্কীলাছ নাৰ্জাৰী (২৫) ওৰফে এন হাছঠাই নামৰ এজন এন ডি এফ বি (সং)ৰ সদস্যক কৰায়ত্ব কৰে।