গুৱাহাটীঃ ফেচবুকত বিজেপি বিধায়িকা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অঞ্জন বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে আজি গোচৰ ৰুজু কৰিছে। মাঞ্জাৰ ২০ এ পি আই আৰ বেটেলিয়নৰ উপ অধিনায়ক অঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে চিআইডি বিভাগত গোচৰ তৰিছে।
উল্লেখ্য যে ছ’চিয়েল মিডিয়াত বিজেপি বিধায়িকাই দেহ বিক্ৰী কৰে বুলি মন্তব্য কৰিছিল অঞ্জন বৰাই। সচিবালয়ত তিনি ঘন্টাত ১ লাখ টকা আদায় লয় বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰাৰ পাছত এই পোষ্টে খলকনি তুলিছিল ৰাজনৈতিক মহলত।